ৰাজ্যত বৃদ্ধি পাইছে পুনৰ ক’ৰণাৰ সংক্ৰমণ

 10/16/2021 - 13:01
 
 
 
নিউজ ডেস্কঃ ৰাজ্যত বৃদ্ধি পাইছে পুনৰ কৰ’নাৰ সংক্ৰমণ৷ কালিৰ দিনটোত কৰ’না ভাইৰাছত আক্ৰান্ত হয় ১৪৭ জন লোক। গুৱাহাটী মহানগৰীত আক্ৰান্ত হয় ৬৩ জনকৈ লোক৷ বিগত ২৪ ঘণ্টাত আক্ৰান্তৰ হাৰ আছিল ০.৯৩ শতাংশ৷
 
শুকুৰবাৰে এজন লোক ক’ভিডত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰে৷বিগত ২৪ ঘণ্টাত ভাৰতত ১৬,৮৬২ টা নতুন কৰ’নাৰ সংক্ৰমণৰ ঘটনা ধৰা পৰিছে৷ দেশখনত এতিয়ালৈকে মুঠ ৩,৪০,৩৭,৫৯২জন কৰ’নাত আক্ৰান্ত হৈছে৷ তাৰবিপৰীতে বৰ্তমানলৈ ৪,৫১,৪১৪জন কৰ’নাত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছে ৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।