ভাৰতৰ যুৱ ক্ৰিকেটাৰ অভি বাৰোটে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

 10/16/2021 - 17:46
 
নিউজ ডেস্কঃ ভাৰতৰ যুৱ ক্ৰিকেটাৰ অভি বাৰোটে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ২৯ বছৰ।ভাৰতৰ অনুৰ্ধ্ব-১৯ দলৰ প্ৰাক্তন অধিনায়ক অভি বাৰোট ২০১৯-২০ বৰ্ষত ৰঞ্জী ট্ৰফীৰ খিতাপ জয় কৰা সৌৰাষ্ট্ৰৰ বিজয়ী দলৰো এগৰাকী সদস্য আছিল।
 
তেওঁ চলিত বছৰৰ জানুৱাৰীত খেলা ছৈয়দ মুস্তাক আলী ট্ৰফীতো সৌৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰিছিল।শুকুৰবাৰে হৃদৰোগত আক্ৰান্ত হৈ তেওঁ মৃত্যু।তেওঁ কেৰিয়াৰত ৩৮ খন প্ৰথম শ্ৰেণীৰ মেচ, ৩৮ খন লিষ্ট এ মেচ আৰু ২০ খন ঘৰুৱা টি-২০ মেচ খেলিছিল। তেওঁ  প্ৰথম শ্ৰেণীৰ কেৰিয়াৰত ১৫৪৭ ৰাণ সংগ্ৰহ কৰিছিল। আনহাতে লিষ্ট এ-য়ে খেলত ১০৩০ ৰাণ আৰু ঘৰুৱা টি-২০ত ৭১৭ ৰাণ সংগ্ৰহ কৰিছিল।
 
২০১৯-২০ বৰ্ষত বেংগলক পৰাস্ত কৰি ৰঞ্জী ট্ৰফীৰ খিতাপ অৰ্জন কৰাৰ সময়ত অভি বাৰোট সৌৰাষ্ট্ৰৰ অংশ আছিল। সৌৰাষ্ট্ৰৰ হৈ তেওঁ ২১ খন ৰঞ্জী ট্ৰফী মেচ, ১৭ খন লিষ্ট এ মেচ আৰু ১১ খন ঘৰুৱা টি-২০ মেচ খেলিছিল। তেঁও ২০১১ চনত ১৯অনুৰ্ধ ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্বটো আছিল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।