দক্ষিণ আৰু মধ্য কেৰালাত শনিবাৰৰ পৰা মূষলধাৰ বৰষুণঃ এতিয়ালৈ ১৮জন লোকৰ মৃত্যু

 10/17/2021 - 14:49
 
 
নিউজ ডেস্কঃ দক্ষিণ আৰু মধ্য কেৰালাত শনিবাৰৰ পৰা হোৱা মূষলধাৰ বৰষুণৰ ফলত এতিয়ালৈ ১৮জন লোকৰ মৃত্যু। কেৰালাত বৰষুণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে উদ্ধাৰ অভিযানৰ বাবে সেনাৰ সহায় বিচাৰিছে। বৰষুণৰ ফলত হোৱা এই পৰিস্থিতিৰ ফলত কেইবাজনো লোক আহত হোৱাৰো খবৰ প্ৰকাশ পাইছে।
 
কেৰালাৰ মুখ্যমন্ত্ৰী বিনাৰাই বিজয়নে ৰাজ্যত বৰষুণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিলৈ লক্ষ্য ৰাখি শনিবাৰে নিশা এক জৰুৰীকালীন বৈঠক অনুষ্ঠিত কৰে। বৈঠকত তেওঁ কয় যে ৰাজ্যৰ কিছু অংশত পৰিস্থিতি খুব গম্ভীৰ।আমি মানুহৰ জীৱন ৰক্ষা কৰিবলৈ সম্ভৱপৰ সকলো চেষ্টা কৰিম। আমি সেনা, নৌসেনা আৰু বায়ুসেনাৰ পৰা সহায় বিচাৰিছো। জিলাত সাহায্য শিবিৰ বনোৱা হৈছে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।