10/17/2021 - 19:21
in
বৰপেটাঃ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী। পেট্ৰলজাত সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে। বৰপেটা পাঁচআলিত দাহ কৰে পুত্তলিকা। চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে কঁপাই তোলে প্ৰতিবাদস্থলী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰে সংগঠনটোৱে।