আজি অসমীয়াৰ বাপতি সাহোন কাতি বিহু, মাজুলীতো কাতি বিহুক লৈ ব্যাপক উৎসাহ-উদ্দীপনা

 10/18/2021 - 12:53
 
 
মাজুলীঃ আজি অসমীয়াৰ বাপতি সাহোন কঙালী বিহু বা কাতি বিহু। সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীতো কাতি বিহুক লৈ ব্যাপক উৎসাহ দেখা গৈছে। বিহু উপলক্ষে সকলোৱে চলাইছে প্ৰস্তুতি। কিয়নো কঙালীতে লুকাই থাকে আঘোনৰ সোণোৱালী হেঁপাহ। কঙালীৰ সুবাসে দিয়ে প্ৰাপ্তিৰ আশা। কন কন শিশুসকলৰো ভীষণ ব্যস্ততা। পুৱাৰ পৰা ব্যস্ত চোতালত মাটিৰে তুলসী ভেটি নিৰ্মাণত।
 
তুলসী ভেটিৰ তলত সন্ধিয়া চাকি বন্তি জ্বলাই নাম প্ৰসংগ কৰি ভগৱন্তৰ চৰণত সেৱা আগবঢ়াবলৈ প্ৰস্তুত হৈছে সকলো। তুলসীৰ তলৰ জ্বলোৱা এই চাকিৰ পুহৰে যেন নিঃশেষ কৰক সমাজৰ অসূয়া অসুতি এয়া আশা চহা কৃষকসকলৰ। আৰু সন্ধিয়া হ'লেই চহা কৃষিজীৱী লোকসকলে সেইজীয়া হৈ পৰা ধাননি পথাৰত চাকি জ্বলাই পোক পতংগৰ পৰা পৰিত্ৰাণ কৰি কঙালীৰ গৰ্ভত ভোগালীৰ বীজ উৎপত্তি হ'বলৈ প্ৰাৰ্থনা জনাব।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।