এজন লোকে পত্নী-পুত্ৰক হত্যা কৰি নিজেও চিপ লওতে কন্যাই বচালে জীৱন

 06/03/2019 - 13:09

 ডিজিটেল ডেস্কঃ পত্নী-পুত্ৰক চিপ লগাই নিজেও আত্মহত্যাৰ চেষ্টা চলাই পিতৃয়ে। পত্নী-পুত্ৰক ফেনত ওলোমাই নিজেও ল'লে চিপ। নাবালিকা কন্যাই বচালে পিতৃক। কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যাৰ চেষ্টা চলালে এটা পৰিয়ালে। প্ৰথমে পিতৃয়ে ১২ বছৰীয়া পুত্ৰক চিলিং ফেনত চিপ লগাই দিয়াত কিছু সময় পিছতে মৃত্যু হয় পুত্ৰৰ। তাৰ পিছতে পত্নীকো একেদৰে হত্যা কৰে।

এই সমগ্ৰ ঘটনা মোবাইলত বন্দী কৰে পৰিয়ালটোৰ নাবালিকা কন্যাই। চকুৰ সন্মুখতে ছটফটাই মাতৃ আৰু ভাতৃৰ মৃত্যু হোৱা দেখি পিতৃক চিপ নল’বলৈ অনুৰোধ জনাই নাবালিকা কন্যাই। যাৰ ফলত জীৱন ৰক্ষা পৰে লোকজনৰ। জানিব পৰা মতে পৰিয়ালটোৱে ৫ লাখ টকাৰ ঋণ লৈছিল যদিও পৰিশোধ কৰিব পৰা নাছিল। যাৰ বাবে ৪৩ বছৰীয়া পিতৃয়ে নিজ পুত্ৰ আৰু পত্নীৰ লগতে নিজেও আত্মহত্যাৰ চেষ্টা কৰে।এই ঘটনাৰ ভিডি'অ ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।