10/24/2021 - 17:12
in
নিউজ ডেস্কঃ যোগীজানৰ হত্যাকাণ্ডক লৈ স্থানীয় ৰাইজৰ প্ৰতিবাদ। হাজাৰ হাজাৰ লোকে ঘেৰাও কৰিছে যোগীজান আৰক্ষী থানাত। অভিযোগ অনুসৰি বিগত দুৰ্গা পূজাৰ দুদিনমান পিছত উত্তম দত্ত নামৰ এজন নিৰীহ যুৱকক কোনো দুৰ্বৃত্তই হত্যা কৰি গছত ওলোমাই ৰখাৰক লৈ প্ৰশাসনৰ নীৰৱ ভূমিকা পালন কৰি আহিছে বুলি প্ৰতিবাদ সাব্যস্থ কৰি হাজাৰ হাজাৰ লোকে যোগীজান আৰক্ষী থানা ঘেৰাও কৰে। সম্পূৰ্ণ এটা সপ্তাহ পাৰ হৈ যোৱাৰ পিছত আজিলৈ দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম নহল। তাৰে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি ঘটনাৰ তদন্ত উচিত সন্ধান পোহৰলৈ আনিবলৈ দাবী কৰে।