10/24/2021 - 17:55
in
চাপৰঃ চাপৰত উচ্ছেদ অভিযান। চাপৰ চাহ-বাগিছাৰ মালিকে দখল কৰা মাটি উচ্ছেদ। চাহগছ ৰুই দখল কৰিছিল চৰকাৰী ভূমি, জেচিবিৰে চা গছ উভালি কৰিলে বেদখল মুক্ত। চাপৰ চাহ-বাগিছাৰ মালিকে অবৈধভাৱে বহুদিনৰে পৰা দখল কৰি আছিল এই চৰকাৰী মাটি। মুঠ ১৩ বিঘা ১ কঠা ৫ লেচা মাটি বেদখল কৰি আছিল। ধুবুৰী জিলাৰ চাপৰ চক্ৰৰ অন্তৰ্গত চাপৰ চাহ-বাগিছা অঞ্চলত বাগিছাৰ মালিকে বহু বিঘা চৰকাৰী ভূমি বেদখল কৰি চলাই গৈছে ৰমৰমীয়া বেহা। অৱশেষত চাপৰ চক্ৰ বিষয়া শান্তনু গগৈয়ে বেদখল মুক্ত কৰিলে উক্ত চৰকাৰী ভূমি।