10/24/2021 - 18:37
in
শালবাৰীঃ পদুমক ভোট দিলে ২৬ লিটাৰ গাখীৰ দিব পৰা গাই পাব। চৰকাৰে দানাৰ ব্যৱস্থা কৰিব আৰু গাখীৰৰ খৰছ ফণীধৰ তালুকদাৰে ৰাইজক দিব। কংগ্ৰেছ-এআইইউডিএফক ভোট দিলে পকেটৰ পৰা দানা দিব লাগিব। বিগত নিৰ্বাচনত সমগ্ৰ অসমত ৭৫ খন আসন লাভ কৰিছিলো যদিও ভৱানীপুৰ সমষ্টিটো বিৰোধীৰ পক্ষত থকা বাবে অসন্তুষ্ট হৈ আছোঁ।
অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছৰ হৈ প্ৰচাৰ চলোৱা কাৰ্যক মুখ্যমন্ত্ৰী গৰাকীৰ কতাক্ষ "যি শক্তিয়ে গৰুখুটিত খিলঞ্জীয়া মানুহক বিৰোধীতা কৰে। যিসকল মানুহে অসমৰ স্বাৰ্থৰ বিপৰীতে কাম কৰিছে তেওঁলোকৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰিব আহি জাতীয় পৰিষদে প্ৰমাণ কৰি দিলে যে তেওঁলোকে ক্ষমতাৰ বাবে হাত মিলাব পাৰে।
বদৰুদ্দিন আজমলে পদুম ফুলত দুৰ্গন্ধ দেখে আৰু আঁতৰত সুগন্ধ দেখে। এক টকাৰো ঘোচ নোহোৱাকৈ ভাগিনসকলক চাকৰিৰ সুযোগ দিম। শ্বহীদ খৰ্গেশ্বৰে শিক্ষালাভ কৰা দক্ষিন বিজনী আদৰ্শ বিদ্যাপীঠ হাইস্কুলক উন্নিতকৰণৰ বাবে তিনি কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰী গৰাকীৰ। বিজেপি নেতা ধ্ৰুৱজ্যোতি দাসে আঁত ধৰা সভাখনত লগতে উপস্থিত থাকে প্ৰাৰ্থী ফণীধৰ তালুকদাৰ, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্ত মল্ল বৰুৱা, বিজেপিৰ উপ সভাপতি জয়ন্ত দাস বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস, বিধায়ক ভূপেন বড়ো, পৰমানন্দ ৰাজবংশীকে ধৰি কেইবাগৰাকী নেতা উপস্থিত থাকে।