মৰিয়নীত ৰাইজৰ দলৰ সংবাদ মেল

 10/24/2021 - 19:05
 
 
মৰিয়নীঃ ত্ৰিকোনীয়া প্ৰতিদন্দিতাৰ যুঁজ মৰিয়নীত। নিৰ্বাচন উপলক্ষে দেওবাৰে মৰিয়নীত ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰাৰ লগতে সংবাদ মেল দিয়ে।
সমষ্টিৰ উন্নয়নৰ বিভিন্ন প্ৰতিশ্ৰুতি দিয়াৰ লগতে বিজেপিক কঠোৰ সমালোচনা কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকনৰ। ৰূপজ্যোতি কুৰ্মীৰ গাত শনি লাগিছে বুলি কৈ মদৰ ব্যৱসায়ী বুলিও সমালোচনা কৰে কবীন্দ্ৰ চেতিয়া ফুকনে। আনহাতে বিজেপি মৰিয়নী মণ্ডলৰ অ'বিচি কোষৰ সভাপতি জয়ন্ত ৰাজকুমাৰকে ধৰি মুঠ ১৪জন বিজেপি কৰ্মীয়ে বিজেপি ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰে। ৰূপজ্যোতি কুৰ্মীক পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰি মৰিয়নীক ধ্বংসৰ মুখলৈ ঠেলি দিয়া বুলি কটাক্ষ সদ্য বিজেপি ত্যাগী জয়ন্ত ৰাজকুমাৰৰ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।