10/25/2021 - 12:51
in
চাপৰঃ বাংলাদেশৰ কুমিল্লা জিলাত দুৰ্গাপূজাৰ সময়ত হিন্দুলোকসকলৰ ওপৰত হোৱা আক্ৰমণাত্মক-হত্যা-হিংসা, দুর্গাৰ প্রতিমা-মন্দিৰ ভঙাৰ লগতে হিন্দু মন্দিৰত ইছলাম ধৰ্মৰ পৱিত্ৰ ধৰ্মগ্ৰন্থ কোৰান ৰখাৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ বিশ্বতে অব্যাহত আছে চেপা উত্তেজনা আৰু তীব্ৰ প্ৰতিবাদ।
সেই বৰ্বৰ ঘটনাক কেন্দ্ৰ কৰি দেওবাৰ সন্ধিয়া ৰাষ্ট্ৰীয় বজৰং দলৰ উদ্যোগত ধুবুৰী জিলাৰ চাপৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি এক জোঁৰ সমদল উলিওৱাৰ লগতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেক হাচিনাৰ প্ৰতিমূৰ্ত্তি দাহ কৰে লগতে হাতে হাতে প্লে কাৰ্ড লৈ এই সমৰ্থকসকলে এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি প্ৰতিবাদ সাৱস্ত্য কৰে।লগতে কয় যে হিন্দুৰ ওপৰত যদি পুনৰায় এই অত্যাচাৰ আৰম্ভ কৰে তেন্তে ৰাষ্ট্ৰীয় বজৰং দলে হাত সাবটি বহি নাথাকে।