জামুগুৰিহাটত তীৰ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ আটক ২

 10/25/2021 - 13:05
 
 
 
 
জামুগুৰিহাটঃ সমগ্ৰ অসমতে মদ, ভাং, ড্ৰাগছৰ লগতে অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে কালি নিশা জামুগুৰিহাটৰ বিভিন্ন স্থানত তীৰ ব্যৱসায়ী তথা এজেন্টৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই।
 
 
আৰক্ষীয়ে অভিযানৰ সময়ত জামুগুৰিহাটৰ মহমৰাৰ পৰা মুকেশ চাহুৰ লগতে কুসুমটোলাৰ মিলনপুৰৰ পৰা জয়ন্ত বৰা ওৰফে জয়নাল নামৰ দুজন তীৰৰ এজেন্টক আটক কৰি আজি বিয়লিৰ ভাগত জেল হাজোতলৈ প্ৰেৰণ কৰে।
 
 
আৰক্ষীয়ে আটকাধীন তীৰৰ এজেন্ট দুজনৰ পৰা তীৰ খেলৰ লগত জড়িত দুখনকৈ বহী জব্দ কৰাৰ লগতে নগদ ধনো জব্দ কৰিবলৈ সক্ষম হয়। অৱশ্যে জামুগুৰিহাটত তীৰ খেলৰ প্ৰধান অভিযুক্ত গম্ব ওজাক আৰক্ষীয়ে  আটক কৰিবলৈও সক্ষম হোৱা নাই।
 
তীৰৰ প্ৰধান অভিযুক্ত গৰাকীক বিচাৰি আৰক্ষীয়ে তেখেতৰ ঘৰত অভিযান চলাই যদিও সেই সময়ত আৰক্ষীয়ে গম্ব ওজাক ঘৰত পাবলৈ সক্ষম নহ'ল।
 
 
উল্লেখ্য যে জামুগুৰিহাটত তীৰ খেলে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। দৈনিক এই খেলৰ কবলত পৰি বহুলোক সৰ্বস্বান্ত হোৱাৰ বাতৰি পোৱা গৈছে। শেহতীয়াকৈ শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক গৰাকীৰ তৎপৰতাত জামুগুৰি আৰক্ষীয়ে তীৰ-জুৱাৰ বিৰুদ্ধে চলোৱা এই অভিযানত সন্তুষ্টি প্ৰকাশ কৰিছে অঞ্চলটোৰ সচেতন মহলে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।