10/26/2021 - 19:54
in
জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ অন্তৰ্গত নাগশংকৰ নতুন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাই ৰোগীৰ সেৱাৰ বাৱে আগবঢ়ায় এখন এম্বুলেঞ্চ৷ নাগশংকৰবাসী ৰাইজৰ দীৰ্ঘদিনীয়া দাবীক সন্মান জনাই আজি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই চিকিৎসাখনিলৈ প্ৰদান কৰে এই এম্বুলেঞ্চ৷ আজি পুৱা এই এম্বুলেঞ্চৰ যাত্ৰাৰ শুভ উন্মোচন কৰে উত্তৰ ছিলাবন্ধা গাঁও পঞ্চায়তৰ সভাপতি তথা নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰাই৷
জামুগুৰিহাটৰ কেৱাৰী চুকৰ এগৰাকী ৰোগীক এই এম্বুলেঞ্চত চিকিৎসালয়লৈ নিয়াৰ প্ৰাকমূহুৰ্ত্বত শুভ উন্মোচন কৰি সভাপতি জয়ন্ত বৰাই কয়-এই এম্বুলেঞ্চ সেৱাৰ জৰিয়তে নাগশংকৰবাসীৰ লগতে সমষ্টিটোৰ অন্যান্য প্ৰান্তৰ লোকসকল উপকৃত হব৷ সমষ্টিটোৰ ৰোগীৰ সেৱাৰ্থে বিধায়ক গৰাকীয়ে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে কেইবাখনো এম্বুলেঞ্চ গাড়ী প্ৰদান কৰিছে৷
ইয়াৰোপৰি চিকিৎসালয় সমূহত ৰোগীয়ে সকলোধৰণৰ সেৱা পাব পৰাকৈ বিধায়ক গৰাকীয়ে বিভিন্ন সা-সুবিধা প্ৰদান কৰি আহিছে৷ সমষ্টিটোৰ প্ৰতিজন দুখীয়া দৰিদ্ৰ ৰাইজে যাতে উপযুক্ত চিকিৎসা সেৱা লাভ কৰে সেই ক্ষেত্ৰত পঞ্চায়তৰ প্ৰতিজন নিৰ্বাচিত প্ৰতিনিধিক সততাৰে কাম কৰি যাবলৈও বিধায়ক গৰাকীয়ে নিৰ্দ্দেশ প্ৰেৰণ কৰা বুলিও মন্তৱ্য কৰে সভাপতি জয়ন্ত বৰাই৷ বিধায়ক গৰাকী আন গুৰুত্বপূৰ্ণ কামত ব্যস্ত থকা বাৱেই আজি পুৱা বিধায়ক পদ্ম হাজৰিকাৰ হৈ সভাপতি জয়ন্ত বৰাই উক্ত এম্বুলেঞ্চখনৰ শুভ উন্মোচন কৰা বিষয়ে জানিবলৈ দিয়ে সভাপতি জয়ন্ত বৰাই৷