10/27/2021 - 12:51
in
ডুমডুমাঃ যোৱা ২২ অক্টোবৰ তাৰিখে পুৱা প্ৰায় ৯ বজাত তিনিচুকীয়া জিলাৰ ডুমডুমা কৰ্দৈগুৰি অঞ্চলৰ দৰ্জিজান আৰু ১ নং কৰ্দৈগুৰি গাঁৱৰ তিনিজনকৈ যুৱক নিৰুদ্দেশ হোৱাৰ খবৰে এতিয়া চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ জিলাখনতে। ২২ অক্টোবৰ তাৰিখে যুৱক কেইজনে আত্মীয়লৈ ফোন কৰাৰ পিছত লগে লগে বাঘজান আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে।
কিন্তু এই পৰ্যন্ত যুৱককেইজনৰ কোনো সন্ধান উলিয়াব পৰা নাই বাঘজান আৰক্ষী কিম্বা তিনিচুকীয়া জিলা আৰক্ষী প্ৰশাসনে। যাক লৈ উদ্বিগ্ন হৈ পৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে। ছয়টাকৈ দিন উকলি যোৱাৰ পিছতো আৰক্ষী প্ৰশাসনে যুৱক কেইজনৰ কোনো সন্ধান নোপোৱাত অধিক চিন্তিত কৰি তুলিছে পৰিয়ালৰ লগতে অঞ্চলটোৰ সচেতন ব্যক্তিসকলক।
নিৰুদ্দেশ হোৱা যুৱককেইজন ক্ৰমে দৰ্জিজান গাঁৱৰ সুৰুজ মৰাণ (১৮), অসীম মৰাণ (১৯) আৰু ১ নং কৰ্দৈগুৰি গাঁৱৰ বিচিত্ৰ মৰাণ (২০)। উল্লেখনীয় বিষয় যে পৰিয়ালৰ লোক তথা স্থানীয় যুৱ সংঘই অভিযোগ কৰা মতে অঞ্চলটোৰ নিৱাসী নিতু মৰাণে (বুন্দাই) তিনি যুৱকক ঘৰৰ পৰা স্বাধীন অসমৰ সপোন দেখুৱাই লৈ গৈছিল৷
পৰিয়ালৰ লগতে স্থানীয় ৰাইজ আৰু যুৱ সংঘৰ সন্দেহ যে যুৱক কেইজনে আলফা (স্বা) ত যোগদান কৰিবলৈ গৈছে৷ পৰিয়ালৰ লগতে স্থানীয় ৰাইজ আৰু যুৱ সংঘৰ অভিযোগ, একে অঞ্চলৰে নিতু মৰাণ (বুন্দা) ৰ প্ৰৰোচনাত পৰি এনে সিদ্ধান্ত লৈছে যুৱক কেইজনে৷ এতিয়া আৰক্ষীয়ে নিৰুদ্দেশ হোৱা যু্ৱক কেইজনৰ সন্ধান উলিয়াবলৈ কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়াহে লক্ষ্যণীয় হ’ব?