10/27/2021 - 14:58
in
অভয়াপুৰীঃ দীপাৱলীৰ সন্ধিয়া মাটিৰ চাকিৰ পোহৰেৰে আলোকিত কৰিবলৈ মাটিৰ চাকি নিৰ্মাণত ব্যস্ত হৈ পৰিছে অভয়াপুৰীৰ বামুনগাঁৱৰ মৃৎশিল্পীসকলে।বৈদ্যুতিক লাইটৰ আগ্ৰাসনে মাটিৰ চাকিৰ চাহিদা হ্ৰাস কৰিলেও মাটিৰ চাকি নিৰ্যানত এইবেলিও থমকি ৰোৱা নাই অভয়াপুৰী বামুনগাঁৱৰ মৃৎশিল্পীৰ পৰিয়াল সমূহে। আৰ্থিকভাৱে অতিকে দুৰ্বল এই মৃৎশিল্পীৰ পৰিয়াল সমূহক চৰকাৰে আজিলৈকে কোনোধৰণৰ আৰ্থিক সাহাৰ্য প্ৰদান নকৰাত দুখ প্ৰকাশ কৰে মৃৎশিল্পীৰ পৰিয়ালে। মাটিৰ চাকি নিৰ্মাণত জৰিত এই অঞ্চলৰ প্ৰায় ৩০ টা পৰিয়ালৰ প্ৰতিটো পৰিয়ালে দীপাৱলীৰ সময়ত প্ৰায় ১০ হেজাৰ মাটিৰ চাকি নিৰ্মাণ কৰি উলিয়াই। বঙাইগাঁও জিলাৰ বিভিন্ন বজাৰত মাটিৰ চাকি বোৰ বিক্ৰী কৰে যদিও উপাৰ্জনতকৈ ব্যয় অধিক হোৱাৰ বাবে মৃৎশিল্পীৰ বহু পৰিয়ালে এই কৰ্মৰ পৰা নিজকে বিৰত ৰাখিবলৈ বাধ্য হৈ পৰিছে। চৰকাৰৰ যথাযথ সহাৰিয়ে এই মৃৎশিল্পীৰ পৰিয়াল সমূহক লাভাম্বিত কৰিব বুলি এই পৰিয়ালসমূহে আশা প্ৰকাশ কৰে।