দক্ষিণ বাৰাংহাটীৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ গাঁথাঃ একমাত্ৰ কন্যা দুৰাৰোগ্য ৰোগত আক্ৰান্ত, সহায়ৰ বাবে আহ্বান

 10/27/2021 - 15:22
 
 
বাহাৰঘাটঃ হাজো সমষ্টিৰ বাৰাংহাটী গাঁও পঞ্চায়তৰ অন্তৰ্গত দক্ষিণ বাৰাংহাটীৰ এজনী মেধাবী ছাত্ৰী ভনিতা কলিতা কেইমাহমান আগৰে পৰা আক্ৰান্ত হৈ আছে মাৰাত্মক ব্লাড কেঞ্চাৰ ৰোগত৷ দিনহাজিৰা কৰা পিতৃ ৰবীন কলিতা উপায়ন্তৰ হৈ পৰিছে৷ বিশ লক্ষ্যাধিক টকাৰ প্ৰয়োজন ভনিতাৰ চিকিৎসাৰ বাবে৷ অৰ্থৰ অভাৱত মুম্বাইৰ প্ৰিঞ্চ আলি হাস্পতালৰ পৰা আধৰুৱা চিকিৎসাই উভতিত লগা হৈ পৰিল দুৰ্ভগীয়া ছাত্ৰী গৰাকী৷
 
 
পশ্চিম বড়িগোগ মহাবিদ্যালয়ৰ স্নাতক চুড়ান্ত বৰ্ষৰ ছাত্ৰী ভনিতাৰ চিকিৎসাৰ বাবে পিতৃ-মাতৃয়ে সকলো হৃদয়বান ব্যক্তি, দল-সংগঠনৰ উপৰিও অসমৰ মুখ্যমন্ত্ৰী তথা স্থানীয় জনপ্ৰতিনিধিৰ পৰা সাহাৰ্য্য বিচাৰি কাতৰ আহ্বান জনাইছে৷ এছ বি আই কমাৰকুছি শাখাৰ 38442786725 নং একাউণ্ট নং IFC CODE NO SBIN0005092 যোগে সহায় কৰিব পাৰে৷ 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।