10/27/2021 - 15:47
in
মাজুলীঃ দুটা গড়ে সুবিধা চাপৰিত আৰু এটা গঁড় কাৰ্তিক চাপৰিৰ মুলাই কাঠনিত বিচৰণ কৰি আছে। প্ৰায় ১ মাহ ধৰি নামনি মাজুলীৰ বিভিন্ন অঞ্চলত এটা গঁড়ে বিচৰণ কৰি আছিল যদিও শেহতীয়াকৈ আৰু দুটা গঁড় মাজুলীৰ চৰ চাপৰিত বিচৰণ কৰিছে। কাজিৰঙা অভয়াৰণ্যৰ পৰা ওলাই আহিছে গঁড় কেইটা।
খৰালি সময়ত কোমল ঘাহ আৰু প্ৰজননৰ বাবে মাজুলীত প্ৰৱেশ কৰে কাজিৰঙাৰ গঁড়। নামনি মাজুলীৰ চৰ চাপৰিত বাস কৰা লোকসকলৰ মাতিমাহ আৰু কুঁহিয়াৰ খেতি খাই তহিলং কৰিছে গঁড় কেইটাই। মাজুলী জিলা বন বিভাগৰ এটা দলে দিনে নিশাই চোকা নজৰত ৰাখিছে গঁড় কেইটাৰ।