10/27/2021 - 16:32
in
মৈৰাবাৰীঃ পি এন বিৰ মৈৰাবাৰী শাখাত বৰ্তমান কৰ্মৰত জ্যেষ্ঠ পৰিচালক আৰু চি এছ পি ৰ মাজত কেইবামাহ ধৰি অবিৰতভাৱে চলি আহিছে সংঘাত।যাৰফলত বেংকৰ গ্ৰাহকে বে্ংকৰ সেৱা ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈ তীব্ৰ হাৰাশাস্তি ভুগিবলগীয়া হৈছে।
প্ৰাপ্ত অভিযোগ মতে গ্ৰাহকে একাউণ্ট খোলা, লেনদেন কৰা, পাচবূক আপডেট কৰা, কে ৱাই চিৰ কাম সম্পূৰ্ণ কৰা আৰু বিশেষকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অহা গৃহ নিৰ্মাণৰ টকা উঠোৱাৰ ক্ষে্ত্ৰত বিশেষ অসুবিধাৰ সন্মুখীন হৈ আহিছে অতি দুখীয়া লোকসকল।
চি এছ পিৰ এটা গোটে অভিযোগ কৰা মতে দেৱান উপাধি ধাৰী জ্যেষ্ঠ পৰিচালকজনে পাঞ্জাব নেচনেল বেংকৰ মৈৰাবাৰী শাখাত যোগদান কৰাৰ পিছৰে পৰা গ্ৰামাঞ্চলত চি এছ পি য়ে ৰাইজৰ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যা সমূহৰ বিষয়ে অৱগত কৰি অহাৰ পাছতো বিষয়টোত বেংক কৰ্তৃপক্ষই গুৰুত্ব নিদিয়া পৰিলক্ষিত হৈছে।
চি এছ পিয়ে গ্ৰাহকৰ সুবিধাৰ্থে গ্ৰাহকৰ সমস্যাসমূহ উপস্থাপন কৰাৰ লগে লগে বেংক পৰিচালকজনে বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই বিষয়টোৰ পৰা আঁতৰি থকাৰ মনোভাৱ পোষণ কৰি অহাত বিপদত পৰিছে চি এছ পি সকল।আজি বেংকটোৰ সন্মুখত একাংশ গ্ৰাহকে বেংকৰ সেৱাৰ পৰা বঞ্চিত হৈ বেংক পৰিচালকজনৰ বিৰুদ্ধে ক্ষোভ উজাৰে। ইফালে আজি বেংকত বাতৰি সংগ্ৰহ কৰিবলৈ অহা সা্ংবাদিক কেইজনক দুব্যৱহাৰ কৰাৰো অভিযোগ পোৱা গৈছে বেংক পৰিচালকজনৰ বিৰুদ্ধে।