ঘগ্ৰাপাৰৰ তিনি গাঁও পঞ্চায়তত দিব‍্যাংগৰ পৰীক্ষণ শিবিৰ, ১৩৫ গৰাকীক প্ৰমাণ পত্ৰ প্ৰদান

 10/27/2021 - 17:01
 
 
নলবাৰীঃ ভাৰতীয় জনতা পাৰ্টি, বড়িগোগ বনভাগ মণ্ডলৰ সহযোগত নলবাৰী সদৰ সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ প্ৰচেষ্টাত আৰু নলবাৰী স্বাস্থ্য বিভাগৰ  উদ‍্যোগত আজি ঘগ্ৰাপাৰৰ তিনি গাঁও পঞ্চায়তত পৃথকে পৃথকে দিব‍্যাংগসকলৰ বাবে একোটা পৰীক্ষণ শিবিৰ অনুষ্ঠিত হয়। ঘগ্ৰাপাৰ গাঁও পঞ্চায়তত অনুষ্ঠিত এই শিৱিৰটো মুকলি কৰে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই।
 
 
অনুষ্ঠানটিত ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা, কাউন্সিলাৰ মনেশ্বৰ ভৰালী, বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সম্পাদক মৃগেন শৰ্মা, কোষাধ‍্যক্ষ জয়ন্ত তালুকদাৰ, শক্তি কেন্দ্ৰৰ আহ্বায়ক চামচুল আলী, সহ আহ্বায়ক পৰমেশ্বৰ বড়ো, নলবাৰী স্বাস্থ্য বিভাগৰ কেবাগৰাকী অভিজ্ঞ সম্পন্ন চিকিৎসক তথা ডাক্তৰে অংশগ্ৰহণ কৰে। ইফালে ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত পূৱ বনভাগ গাঁও পঞ্চায়তত ৬০ গৰাকী আৰু খাতিকুছি গাঁও পঞ্চায়তত ৪০ গৰাকী দিব‍্যাংগক প্ৰমাণ পত্ৰ প্ৰদান কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।