10/27/2021 - 19:08
in
কামৰূপঃ কামৰূপৰ হাজোৰ হেলেছাত গেট শইকীয়া মাল্টিস্পেছিয়েলিটি হাস্পতালৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ। হেলেছা গাঁও উন্নয়ন সমিতিৰ উদ্যোগত বাইহাটাস্থিত গেট শইকীয়া মাল্টিস্পেচিয়েলিটি হাস্পতালৰ সহযোগত এই বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয় হেলেছা প্ৰাথমিক বিদ্যালয়ত। কেইবাটাও বিভাগৰ অভিজ্ঞ চিকিৎসকৰ দলে স্বাস্থ্য পৰীক্ষা কৰিলে অঞ্চলটোৰ ৰোগীসকলৰ।
স্বাস্থ্য পৰীক্ষাৰ অন্তত ৰোগীসকলক বিতৰণ কৰা হয় বিনামূলীয়া ঔষধ। গেট হাস্পতালৰ মুখ্য পৰিচালন সঞ্চালক ডাঃ বেদব্ৰত পাঠকৰ প্ৰচেষ্টা অনুষ্ঠিত এই স্বাস্থ্য শিবিৰত আজি অঞ্চলটোৰ প্ৰায় দুই শতাধিক ৰোগীয়ে স্বাস্থ্য পৰীক্ষা কৰি উপকৃত হৈছে। গেট হাস্পতালৰ এই প্ৰচেষ্টাক শলাগ লৈছে সকলোৱে। আগন্তুক দিনত এনেদৰে অসমৰ প্ৰতিখন গাঁৱত গেট হাস্পতালে অনুষ্ঠিত কৰিব বিনামূলীয়া স্বাস্থ্য শিবিৰ এই কথা সদৰী কৰিলে চিকিৎসালয়খনৰ মুখ্য পৰিচালন সঞ্চালক ডাঃ বেদব্ৰত পাঠকে।