10/27/2021 - 19:30
in
কলগাছিয়াঃ কলগাছিয়া অসম গ্ৰামীণ বিকাশ বেংকৰ অন্তৰ্গত উদমাৰীস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত হৈছে ব্যাপক অনিয়ম। উল্লেখ্য যে, গ্ৰাহক সেৱা কেন্দ্রটোৰ বেংক মিত্ৰ ছাইদুল ইছলামই গ্ৰাহকৰ লগত বেয়া আচৰণ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। যাৰ বাবে ভুক্তভোগী গ্ৰাহকে প্ৰতিদিনে টকা উঠাব আহি ঘূৰি যাবলগা হৈছে।
ফলত গ্ৰাহকে ৭ ৰ পৰা ১০ দিনলৈকেও টকা উঠাব নোৱাৰাত ঘূৰি যাবলগা হৈছে। এয়া আমাৰ কথা নহয় ভুক্তভোগী গ্ৰাহকৰ কথা। ফলত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা, অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চনৰ ধন তুলিব নোৱাৰাত গ্ৰাহক ৰাইজে যমৰ যাতনা ভোগ কৰিবলগা হৈছে। ইফালে বেংক মিত্ৰ ছাইদুল ইছলামে গ্ৰাহকে কৰা অভিযোগ সম্পূৰ্ণৰূপে মিছা বুলি মন্তব্য কৰে।