গোলাঘাটত ৰুৰেল আপলিমেন্ট এছচিয়েনৰ প্ৰশংসনীয় পদক্ষেপ

 10/29/2021 - 12:16
 
 
গোলাঘাটঃ আজি গোলাঘাট জিলাৰ বিভিন্ন স্থানত ৰুৰেল আপলিমেন্ট এছচিয়েচনৰ উদ্যোগত নাৰীৰ ওপৰত ঘটা নানান ধৰণৰ শাৰীৰিক নিপীড়ন, ধৰ্ষণ, মানসিক নিৰ্যাতন আদিৰ ওপৰত এক সজাগতা উলিওৱা হয়।
 
এই ক্ষেত্ৰত RWUAA ৰ দ্বাৰা পৰিচালিত সখী নামেৰে গোলাঘাটৰ তপন নগৰত অৱস্থিত একক চেন্টাৰত গৈ মহিলাৰ সকলো ধৰণৰ আইনী সাহাৰ্য্য লাভ কৰিব পৰি। অসম চৰকাৰৰ দ্বাৰা এটা টলফি নম্বৰ ১৮১ নম্বৰ প্ৰদান কৰিছে যাৰ জৰিয়তে  সকলো ভুক্তভুগী মহিলাই আইনী সাহাৰ্য‍্য লাভ কৰিব পৰিব। এনে পদক্ষেপে জিলাখনত মহিলাসকলক এক মানসিক আৰু আইনী সাহাৰ্য্য প্ৰদান কৰি সুস্থিৰ মানসিকতা ঘুৰাই আনিব বুলি তেওঁ লোকৰ বিশ্বাস।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।