মাৰ্ক জুকাৰবাৰ্গৰ ঘােষণাঃ সলনি হ’ল ফেচবুকৰ হ’ল্ডিং কােম্পানীৰ নাম

 10/29/2021 - 13:03
 
 
 
নিউজ ডেস্কঃ বৃহস্পতিবাৰে বিশ্বৰ জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকৰ মুৰব্বী মাৰ্ক জুকাৰবাৰ্গে ঘােষণা কৰে ফেচবুকৰ মূল কােম্পানীৰ নতুন নাম।এতিয়াৰে পৰা এই কোম্পানীক ‘মেটা’ (Meta) নামেৰে জনা যাব।
 
 
কােম্পানীটােৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) মাৰ্ক জুকাৰবাৰ্গে কোম্পানীটােৰ বছৰেকীয়া লাইভষ্ট্ৰীম কৰা ভাৰ্চুৱেল আৰু অগমেন্টেড ৰিয়েলিটি কনফাৰেন্সত বক্তব্য ৰাখি এই কথা ঘােষণা কৰে।তেওঁ কয় যে নতুন নামটােৱে কােম্পানীৰ ভৱিষ্যতৰ লক্ষ্য প্ৰতিফলিত কৰিছে, যাৰ অৰ্থ হৈছে ভাৰ্চুৱেল-ৰিয়েলিটি স্থান য’ত ব্যৱহাৰকাৰীসকলে কম্পিউটাৰ-উৎপন্ন পৰিৱেশ আৰু অন্যান্য ব্যৱহাৰকাৰীৰ সৈতে বাৰ্তালাপ কৰিব পাৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।