10/29/2021 - 14:27
in
নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে ঘোষণা কৰিলে যে ১৫ নৱেম্বৰৰ পৰা গাঁৱে গাঁৱে প্ৰদান কৰা হ’ব ক’ভিডৰ ভেকচিন। ‘‘কোভিড ভেকচিন অভিযানত ৯৫% আমি সামৰিব পাৰিছো ৷ দুই কোটি ৭৬ লাখক ভেকচিন দিয়া হৈছে৷ আমাৰ টাৰ্গেট দুই কোটি দহ লাখ আছিল৷ টাৰ্গেটৰ ওপৰত গৈছো৷ বয়স্কসকলে ঘৰৰ পৰা ওলাই আহি ভেকচিন ল'ব বিচৰা নাই৷
সেয়ে অহা ১৫ নৱেম্বৰৰ পৰা দহ লাখ লোকক টাৰ্গেট কৰি গাঁৱে গাঁৱে ভেকচিন দিয়া হ'ব৷’’হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘অহা ১০ তাৰিখৰ পৰা সাত দিনীয়াকৈ এই ভেকচিনেচন অভিযান চলোৱা হ'ব। দুই কোটি লোকক ভেকচিন দিয়াত যেনেকৈ অভিযান চলোৱা হৈছিল তেনেকৈয়ে দিয়া হ'ব৷ নৱেম্বৰৰ ভিতৰত ভেকচিন দি শেষ কৰিব লাগিব ৷ ১৫ জানুৱাৰীৰ ভিতৰত দুয়োপালি ভেকচিন দি শেষ কৰা হ'ব৷ এই মাহত দ্বিতীয় পালি ভেকচিন এক কোটি লোকক দিয়াৰ দিহা কৰা হৈছে।’’