10/30/2021 - 12:09
in
টীয়কঃ আজি ৰাজ্যৰ কেইবাটাও বিধানসভা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হৈছে। উপনিৰ্বাচন অনুষ্ঠিত হোৱা সমষ্টিসমূহৰ ভিতৰত এটি গুৰুত্বপূৰ্ণ সমষ্টি হ'ল মৰিয়নী বিধানসভা সমষ্টি। কিয়নো চাৰিবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হোৱা ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। ইয়াৰোপৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ গৃহ সমষ্টি হ'ল মৰিয়নী।
ইফালে কংগ্ৰেছেও সৰ্বশক্তিয়ে এই নিৰ্বাচত জপিয়াই পৰা পৰিলক্ষিত হৈছে। পুৱাই অসুখীয়া গাৰে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিল অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে। ভোটাধিকাৰ সাব্যস্ত কৰি প্ৰিয়দা গগৈয়ে কলে অসুখীয়া গাৰে মই ৰূপজ্যোতিৰ বাবেই ভোট দিবলৈ ওলাই আহিছো। যোৱাবাৰ ৰূপজ্যোতিয়ে মোৰ ওচৰলৈ গৈ মাতৃ হিচাপে সেৱা জনাই গামোচা পিন্ধাই ভোটত জিকিলে তাৰ পিছত সি দুমাহৰ পিছতে বিজেপিত যোগদান কৰিলে। মই অন্তৰত বৰ দুখ পালোঁ। সি মোক বেমাৰী কৰি দিলে। বহুত বেদনা দিলে সেয়েহে তাক এই নিৰ্বাচনত প্ৰত্যুত্তৰ দিবলৈ মই মৰিয়নী বাসীক আহ্বান জনালো। ইফালে ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈয়ে ভোটাধিকাৰ সাব্যস্ত কৰে। তেওঁৰ মূল প্ৰতিদন্দী কংগ্ৰেছৰ প্ৰাৰ্থীজন হ’ব বুলি উল্লেখ কৰে।