আইচিইউৰ পৰা চুৰি নৱজাতক

 06/03/2019 - 15:41

ডিজিটেল ডেস্কঃ বিহাৰৰ মুজাফফৰপুৰৰ কৃষ্ণ মেডিকেল কলেজ হাস্পাতালৰ পৰা চুৰি হ'ল তিনিদিনীয়া নৱজাতক।পুত্ৰৰ সলনি থৈ গ'ল কন্যা শিশু।আইচিএউৰ পৰা দুৰ্বৃত্তই চুৰি কৰিলে নৱজাতকটি। আইচিইউত চিচিটিভি কেমেৰা আছিল যদিও শিশুটি চুৰি হোৱা নিশাৰ ফুটেজ ৰেৰ্কড হোৱা নাই।

ঘটনা সন্দৰ্ভত অহিয়াপুৰ থানাত ৰুজু কৰা হৈছে গোচৰ। জানিব পৰা মতে শিৱহৰৰ মুকৃশ ৰামৰ পত্নী ছনীক শিৱহৰ সদৰ হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল। শনিবাৰে আইচিইউৰ পৰা চুৰি হয় পুত্ৰসন্তানটি। পুত্ৰৰ সলনি হস্পিতালৰ বিছনাত এৰি গ'ল এটি কন্যা সন্তান।

ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে পৰিয়ালৰ লোকে। এই ঘটনাৰ পিছতে জয়মালা কুমাৰী নামৰ আন এগৰাকী মহিলাই এৰি যোৱা কন্যা শিশুটি নিজৰ বুলি কোৱাত বিপাঙত পৰে আৰক্ষী। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।