10/30/2021 - 14:19
in
জামুগুৰিহাটঃ পৰ্যটকসকলৰ বাবে সুখবৰ। অহা নৱেম্বৰ মাহৰ শেষৰ ফালে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ব জামুগুৰিহাটৰ পানপুৰ বনাঞ্চল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত পানপুৰ বনাঞ্চল৷ পয্যটকৰ বাবে মুকলি হোৱাৰ পাছতেই বনাঞ্চলখনত থকা হাতী, গড়, বনৰীয়া গাহৰি, বিবিধ প্ৰকাৰৰ হৰিণৰ লগতে শীতৰ আগমনৰ লগে লগে সাত সাগৰ তেৰনদী সিপাৰৰ পৰা উৰি অহি আশ্ৰয় লোৱা পৰিভ্ৰমী চৰাই জলকেলি উপভোগ কৰাৰ সুযোগ লাভ কৰিব পৰ্যটকে।
পানপুৰ বনাঞ্চলত বাঘৰ সংখ্যা বৃদ্ধি হোৱাটো পৰ্যটকসকলৰ বাবে অতিকৈ সুখবৰ হিচাপে বিবেচিত হৈছে। উল্লেখ্য যে বিগত বৰ্ষৰ নবেম্বৰ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি, শিৱকুমাৰে বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত পানপুৰ বনাঞ্চল পৰ্যটকৰ বাবে পোন প্ৰথমবাৰৰ বাবে মুকলি কৰি দিছিল।