টীয়কৰ বিলৰ মাজত উৱলি যোৱা মৃতদেহ উদ্ধাৰ

 10/30/2021 - 17:48
 
 
 
 
 
টীয়কঃ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত কাৱৈমাৰি মিচিং গাঁৱৰ সমিপৰ বিলত আজি দুপৰীয়া উৱলি যোৱা মৃতদেহ উদ্ধাৰ। নিলা চাৰ্ট পৰিধান কৰা পুৰুষৰ এক উৱলি যোৱা মৃতদেহৰ উদ্ধাৰৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সম্প্ৰতি ৰাজ্যত সঘনাই মৃতদেহ উদ্ধাৰৰ ঘটনা সংঘটিত হৈ অহাৰ সময়ত টীয়ক নগৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগৰ এখন বিলৰ মাজত এনেধৰনৰ অচিনাক্ত মৃতদেহৰ উদ্ধাৰ ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।আজি ৰাতিপুৱা বিলত মাছ মাৰিবলৈ অহা স্থানীয় কেইজনমান লোকে পানীত উপঙি থকা উৱলি যোৱা মৃতদেহটো দেখি টীয়ক আৰক্ষীক খবৰ দিয়ে। উল্লেখ্য যে মৃতদেহতো সম্পূৰ্ণৰূপে উৱলি যোৱালৈ চাই মৃতদেহতো পৰি থকা বহুত দিন হোৱাটো নিশ্চিত হৈ পৰিছে। মৃতদেহটোৰ চিনাক্ত হোৱাৰ পিছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব আচলতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড নে কি? কিদৰে বিলৰ মাজলৈ আহিল এই মৃতদেহটো।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।