10/30/2021 - 17:53
in
জামুগুৰিহাটঃ প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ আঁচনিখন চতিয়া সমষ্টিৰ অন্তৰ্গত পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তৰ চাৰিপুখুৰীত আজি ৰাইজৰ বাবে মুকলি কৰি দিয়ে পঞ্চায়তৰ কৰ্মকৰ্তাসকলে৷
এই উদ্দেশ্যেৰে শনিবাৰে পুৱা পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তৰ সভানেত্ৰী হিমাদ্ৰী দেৱীয়ে আনুষ্ঠানিকভাৱে চাৰিপুখুৰিত এই কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে৷ অঞ্চলটোৰ ১৫ গৰাকী হিতাধিকাৰীক এই আঁচনিৰ চাউল বিতৰণ কৰি সভানেত্ৰীৰ লগতে আহ্বায়ক সান্তানু গৌতমে কয়- চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত আমি পঞ্চায়তটোৰ দুখীয়া দৰিদ্ৰ ৰাইজৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছো৷
পঞ্চায়তটোৰ দুখীয়া দৰিদ্ৰ ৰাইজৰ মাজত বিধায়ক গৰাকীৰ সবল পদক্ষেপত বিদ্যুৎ, খোৱা পানীৰ সমস্যা ৰাষ্টা-ঘাটকে ধৰি সকলো সমস্যা দূৰ কৰিবলৈ সক্ষম হৈছো৷ আঁচনিখন শুভ উদ্বোধনী কাৰ্য্যসূচীত পঞ্চায়তটোৰ আঞ্চলিক সদস্য, গাঁওসভাৰ সদস্যৰ লগতে অঞ্চলটোৰ ভালেকেইগৰাকী জ্যেষ্ঠ ব্যক্তি উপস্থিত থাকে৷