10/31/2021 - 14:07
in
গোলাঘাটঃ আহোম ৰজাৰ দিনতে প্ৰতিস্থা লাভ কৰা গোলাঘাটৰ এখন গাঁৱত দীপাৱলীৰ ব্যাপক প্ৰস্তুতি। নাম কমাৰবন্ধাৰ কুমাৰ গাঁও। আহোম ৰজাৰ দিনৰে পৰাই গাঁওখনৰ অধিকাংশ লোক মৃৎশিল্পৰ লগত জড়িত থকাৰ বাবে গাঁওখনৰ নাম কুমাৰ গাঁও বুলি জনাজাত।
এই কুমাৰ গাঁৱতেই এতিয়া আগন্তুক দীপাৱলী উপলক্ষে মৃৎশিল্পীসকল প্ৰতি দিনেই ব্যস্ত হৈ পৰিছে মাটিৰ চাকি বনোৱাত। গাঁওখনত থকা প্ৰতিঘৰ লোকেই দীপাৱলী উপলক্ষে ১০ পৰা ২০ হেজাৰ মাটিৰ চাকি বনাই বজাৰলৈ উলিয়াই দিয়াৰ বাবে ব্যস্ত হৈ পৰিছে।
কিন্তু শ শ বছৰ ধৰি এই কুমাৰ লোকসকলে নিজৰ পৰম্পৰা অনুসৰি মৃৎশিল্পৰ লগত জড়িত হৈ নিজৰ পৰিয়াল পোহপাল দি আহিছে যদিও বৰ্তমান চীনা সামগ্ৰীৰ আগ্ৰাসনে মৃৎ শিল্পীসকলক এক প্ৰকাৰৰ চিন্তিত কৰি তুলিছে। যাৰ বাবে এই মৃৎ শিল্পী সকলক চৰকাৰে এক বিশেষ আঁচনিৰ জড়িয়তে কিছু আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰো আহ্বান জনায়।