10/31/2021 - 15:42
in
হোজাইঃ হোজাই নতুন বজাৰস্থিত এখন কাপুৰ দোকান আৰু এখন এটি চাট হাউচৰ দোকানত চলালে চাফাই অভিযান। ওপৰৰ তিনপাত কাটি কাপোৰৰ দুকানখনৰ পৰা চোৰে লুটি নিলে ২৫ পৰা ২৬ হাজাৰ টকা নগদ ধন আৰু কাপোৰ উল্লেখ্য যে, এসপ্তাহ কিছু দিন পূৰ্বে ঠাইখনৰ আন এখন কাপোৰৰ দোকানৰ পৰা একে দৰে ৭০ ৰ পৰা ৮০ হাজাৰ টকাৰ সামগ্ৰী লুটি নিছিল চোৰে।
এতিয়া প্ৰশ্ন হয় হোজাইত আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ থকাৰ পিছত কেনেকৈ সংঘটিত হ’ব পৰিলে এটাৰ পিছতে আন এটা চুৰি কাণ্ড। এক প্ৰকাৰ হোজাই প্ৰশাসনৰ চকুত আঙুলি দি অতি দুঃসাহসিকতাৰে কি দৰে এটাৰ পিছত আন এটা চুৰি কাৰ্য্য সাধন কৰিব পাৰে? হোজাইবাসীৰ এই প্ৰত্যুত্তৰ দিব পাৰিবনে হোজাই প্ৰশাসনে? নে এই বৃহৎ চোৰৰ দলটোক উৎখ্যাত কৰিবলৈ কৰোৱাত ব্যর্থ হৈছে ন হোজাই প্ৰশাসন।