যোগান মন্ত্ৰী ৰঞ্জিত দাসে নাজানে বিভাগৰ কাম, কমিচনৰ অংকত মূল্যবৃদ্ধি ৰোধ কৰা নাই যোগান মন্ত্ৰীয়ে- জাকিৰ হুছেইন শিকদাৰ

 10/31/2021 - 17:18
 
 
নিউজ ডেস্কঃ সামগ্ৰীৰ অত্যধিক মূল্যই জুৰুলা কৰিছে সৰ্বসাধাৰণ লোকক।প্ৰতিটো সামগ্ৰীৰে আকাশলংঘী মূল্য।মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত কোনো পদক্ষেপ চৰকাৰখনে লোৱা পৰিলক্ষিত হোৱা নাই। কিন্তু কাণসাৰ নাই শাসকীয় চৰকাৰৰ।
 
এনে সময়তে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনালে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে৷ জাকিৰ হুছেইন শিকদাৰে কয়, ‘‘যোগান মন্ত্ৰী ৰঞ্জিত দাসে নাজানে বিভাগৰ কাম৷ কমিচনৰ অংকত মূল্যবৃদ্ধি ৰোধ কৰা নাই যোগান মন্ত্ৰীয়ে৷’’ ৰঞ্জিত দাসৰ পৰা যোগান বিভাগ কৰ্তন কৰিবলৈও মুখ্যমন্ত্ৰীক আহ্বান জাকিৰ হুছেইন শিকদাৰ৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।