10/31/2021 - 17:52
in
লক্ষীপুৰঃ সমাগত পোহৰৰ উৎসৱ দীপাৱলী! শেহতীয়াকৈ মিঠাতেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে এতিয়া বিপাঙত পেলাইছে সৰ্বসাধাৰণ লোকসকলৰ লগতে ৰাজ্যৰ মৃৎশিল্পীসকলক। দীপাৱলীত ৰাইজে বৰ্ধিত দৰত মিঠাতেল ক্ৰয় কৰি মাটি চাকি পূৰ্বৰ দৰে জ্বলাবনে নাই তাকলৈ এতিয়া অনিশ্চয়তা বিৰাজ কৰিছে মৃৎশিল্পী অথবা কুমাৰ সকলৰ মাজত।
এনেবোৰ কাৰণতে দেৱালীৰ বাবে পূৰ্বৰ দৰে মাটি চাকি তৈয়াৰ কৰি সকলো কষ্ট অথলে যোৱা অথবা বিনিয়োগ কৰা সমূদায় ধন লোকচান হোৱাৰ আশংকাত এতিয়া দিন কটাইছে গোৱালপাৰাৰ লক্ষীপুৰৰ মৃৎশিল্পীসকলে। মৃৎশিল্পৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰা লক্ষীপুৰ অঞ্চল কুমাৰৰ পৰিয়ালৰ এতিয়া একে অৱস্থা।
পূৰ্বে দেৱালীৰ প্ৰাক মুহূৰ্তত প্ৰতিটো পৰিয়ালে প্ৰায় ৩০/৪০ হাজাৰ চাকি তৈয়াৰ কৰিছিল যদিও, এইবছৰ মাত্ৰ ১০/১৫ হাজাৰ মাটিচাকি তৈয়াৰ কৰিয়ে ক্ষান্ত থাকিবলৈ বাধ্য হৈছে কুমাৰৰ পৰিয়ালসমূহ।
ক'ভিডৰ পিছত মিঠাতেলৰ মূল্যবৃদ্ধিয়ে বাৰুকৈয়ে প্ৰভাৱিত কৰা কুমাৰৰ পৰিয়াল সমূহৰ মৃৎশিল্পীসকলে সমাগত উৎসৱৰ বতৰত মিঠাতেলৰ মূল্য হ্ৰাস কৰি তেওঁলোকক পূৰ্বৰ দৰে মাটি চাকি বিক্ৰী কৰিব পৰা এটা পৰিৱেশ ৰচনা কৰি দিবৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে কাতৰ আহ্বান জনাই চৰকাৰ তথা সংশ্লিষ্ট বিভাগক।