11/01/2021 - 14:01
in
জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিলৰ ২নং বৰপথাৰ নিৱাসী প্ৰচাৰ বিমুখ ভাস্কৰ্য্য শিল্পী বিপুল দাসে তেওঁৰ সৃষ্টিৰাজি জীয়াই ৰখাৰ উদ্দেশ্যৰে চৰকাৰৰ পৰা বিচাৰিছে আৰ্থিক সাহাৰ্য৷
দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া বিপুলে সৰুৰে পৰাই নিয়োজিত হৈ আহিছে শিল্প কৰ্মত৷ দিন হাজিৰা কৰি পোৱা ধনেৰেই খৰছ কৰি নিৰ্জীৱ কাঠত প্ৰাণ দিছে বিপুলে৷
বিভিন্ন দেৱ-দেৱীৰ লগতে জীৱ-জন্তুক কাঠত নিৰ্মাণ কৰি সুনিপুন ভাস্কৰ্য্য শিল্পীৰ পৰিচয় দিছে বিপুলে৷
চৰকাৰৰ পৰা আৰ্থিক সাহাৰ্য লাভ কৰিলে বিপুলে ব্যৱসায়ীক ভিত্তিত এই ব্যৱসায় আৰম্ভ কৰাৰ লগতে পৰিয়াল পোহপাল দিয়াতো সহায়ক হব বুলি মন্তব্য কৰে স্থানীয় ৰাইজে।