অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে খোলাবান্দা আঞ্চলিক কৃষক মুক্তিৰ তীব্ৰ প্ৰতিবাদ

 11/01/2021 - 16:02
 
 
 
 
নগৰবেৰাঃ মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে এইবাৰ খোলাবান্দা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডী হায় হায়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায় হায়, হিমন্ত বিশ্ব গ’বেক, মূল্যবৃদ্ধি ৰোধ কৰিব লাগিবই আদি শ্ল’গানেৰে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ।
 
প্ৰতিবাদস্থলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰিলে প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদস্থলীত কেইবাটাও মন্তব্য কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ, বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক কাজী নজমুল হ'কে। বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে তূলাধনা কৃষক নেতাজনৰ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।