11/01/2021 - 16:36
in
মৈৰাবাৰীঃ আজি মৈৰাবাৰীত অনুষ্ঠিত হৈ যায় বিজেপিৰ কাৰ্য্যনিৰ্বাহক সভা। ভাৰতীয় জনতা পাৰ্টীৰ মৈৰাবাৰী মণ্ডলৰ সহযোগত অনুষ্ঠিত হয় এই কাৰ্য্যনিৰ্বাহক সভাখন। সভাখনত বিজেপিৰ কৰ্মকৰ্তাসকলৰ লগতে উপস্থিত থাকে বহুতো ৰাইজ। সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ মৰিগাঁও জিলাৰ সম্পাদক ৰবীন বৰদলৈ।
মৈৰাবাৰী মণ্ডল বিজেপিৰ সভাপতি আফিয়া বেগমৰ সভাপতিত্যত, আৰু জিলা সম্পাদক ৰবীন বৰদলৈৰ উপস্থিতিত ধিং সমষ্টিৰ উলুবাৰী গাঁওপঞ্চায়তৰ উপ সভাপতি সহ চাৰিজন ৱাৰ্ড সদস্যই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। এ এই ইউ ডি এফৰ ভেটি হিচাপে খ্যাত ধিং সমষ্টিত এনেকৈ দল সলোৱাত আগন্তুক পঞ্চায়ত ইলেকচনত কংগ্ৰেছ আৰু এ এই ইউ ডি এফত কি প্ৰভাৱ পেলাব সেয়া হ’ব লক্ষ্যণীয়?