11/01/2021 - 16:50
in
লক্ষীপুৰঃ আজি দিনৰ প্ৰায় ১০ বাজি ৩০ মিনিটত গোৱালপাৰাৰ জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত হলদিবাড়ী দ্বিতীয় খণ্ড গাঁৱৰ মনছেৰ আলীৰ ঘৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। ভস্মীভূত প্ৰায় দুই লাখ টকাৰ সা-সম্পত্তিৰ লগতে প্ৰয়োজনীয় নথিপত্ৰ।
সা-সম্পত্তিৰ লগতে নগদ টকা ৫০ হাজাৰ আৰু প্ৰয়োজনীয় নথিপত্ৰ অগ্নিদগ্ধ হৈ সম্পূর্ণভাৱে বিনষ্ট হয়। স্থানীয় ৰাইজে জানিব দিয়া মতে বিদ্যুৎ শ্বটশ্বাৰ্কিটৰ ফলত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ। ইতিমধ্যে ঘটনাস্থলীত জলেশ্বৰৰ আৰক্ষী, উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷