ধুবুৰী জিলাত সাতশিয়া জনকল্যান হাইস্কুলৰ প্ৰধান শিক্ষকৰ শাস্তিৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

 11/01/2021 - 18:33
 
 
লক্ষীপুৰঃ সাতশিয়া জনকল্যান হাইস্কুলৰ প্ৰধান শিক্ষকৰ শাস্তিৰ দাবীত এই প্ৰতিবাদ। প্ৰধান শিক্ষক জালাল উদ্দিন মণ্ডল গ’ বেক, লম্পট শিক্ষকক আমি নামানো আদি শ্ল’গানেৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশ উত্তাল কৰি তোলে৷
 
উল্লেখ্য যে লম্পট শিক্ষকৰ বিৰুদ্ধে পূৰ্বতে আছে বিদ্যালয়ৰে ছাত্ৰী নিৰ্যাতনৰ গুৰুতৰ অভিযোগ। যোৱা জুন মাহত বিদ্যালয়খনৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক শ্লীলতাহানিৰ অভিযোগত বিভাগে কৰিছিল নিলম্বন। শিক্ষকজনৰ বিৰুদ্ধে স্থানীয় থানত ৰুজু হৈছিল গোচৰ। কিন্তু আজি পুনৰ বিদ্যালয়ত যোগদান কৰিবলৈ অহাত ছাত্ৰ-ছাত্ৰীয়ে ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী।
 
ছাত্ৰ-ছাত্ৰীৰ অভিযোগ লম্পট শিক্ষকক আমি বিদ্যালয়ত সোমাবলৈ নিদিও। বিভাগে লম্পট শিক্ষকক পুনৰ বহিস্কাৰ নকৰিলে আমি প্ৰতিবাদী কাৰ্যসূচী চলাই যাম। ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকৰ অভিযোগ লম্পট শিক্ষকক কৰিব লাগে বহিস্কাৰ। দিলে গ’ বেক ধ্বনি, পিছত ফকিৰগঞ্জ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।