২নং বৰদিকৰাই গাঁৱক আদৰ্শ গাঁও নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়ায় পঞ্চাশ লাখ টকা, আজি তিনিটাকৈ আঁচনিৰ শুভ উদ্বোধন বিধায়ক পদ্ম হাজৰিকাৰ

 11/01/2021 - 19:27
 
 
 জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ অন্তৰ্গত ২নং বৰদিকৰাই গাঁৱক আদৰ্শ গাঁও হিচাপে প্ৰতিষ্ঠা কৰাৰ অন্তত গাঁওখনৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়ায় পঞ্চাশ লাখ টকা৷ সোমবাৰে আদৰ্শ গাঁওখনৰ দুটি পথকে ধৰি এখন শিশু উদ্যানৰ নিৰ্মাণৰ শুভাৰম্ভ কৰি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কয়-এতিয়াৰে পৰা এই বৰদিকৰাই গাঁও সমষ্টিটোৰ ভিতৰত এখন জাকত-জিলিকা গাঁৱলৈ ৰূপান্তৰিত হব৷
 
বিভিন্ন জাতি-জনগোষ্ঠী ৰাইজে বাস কৰা এই গাঁও সমন্বয়ৰ মিলনভূমি ৰূপে পৰিচিত হ’ব৷ এই গাঁৱক লৈ আমি এদিন সকলোৱে গৌৰৱ কৰিম বুলি মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই৷ ৰাজ্যখনৰ ভিতৰতে এই বৰদিকৰাই গাঁৱক প্ৰগতিৰ গাঁও হিচাপে গঢ় দিয়াত আমি সকলোৱে মনোনিৱেশ কৰিব লাগিব বুলিও মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই৷
 
বিধায়ক গৰাকীয়ে লগতে কয়- বানপানী প্ৰতিৰোধৰ ক্ষেত্ৰত আমি সৌভাগ্যৱান৷ অসমৰ ভিতৰতে প্ৰথমবাৰৰ বাৱে ড্ৰেজাৰ দি জীয়া ভৰলী নদী খন্দা হব৷ এই নদী খন্দাৰ পাচত কোনো বাধা নোহোৱাকৈয়ে জীয়াভৰলীৰ পানী ব্ৰক্ষ্মপুত্ৰত পৰিব বুলি মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই৷ নিৰ্মাণ কাৰ্য্যৰ শুভ উন্মোচনী কাৰ্য্যসূচীত উপস্থিত থাকে নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েঙ, মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল, পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দিপক নেৱাৰ প্ৰমুক্ষে কৰি আঞ্চলিক সদস্য আৰু গাঁওসভাৰ সদস্যসকল৷
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।