জামুগুৰিহাটৰ তীৰ খেলৰ মূল মাফিয়া গম্ব ওজাক আটক আৰক্ষীৰ

 11/01/2021 - 19:49
 
 
 
 
জামুগুৰিহাটঃ অৱশেষত জামুগুৰি আৰক্ষী জালত পৰিল জামুগুৰিহাটৰ তীৰ খেলৰ মূল মাফিয়া গম্ব ওজা। যোৱা এক সপ্তাহৰো অধিক ধৰি জামুগুৰি আৰক্ষীয়ে বিচাৰি থকা তথা তীৰ সম্ৰাট খ্যাত গম্ব ওজাক আজি জামুগুৰি আৰক্ষীয়ে নিজ গৃহৰ পৰাই গেপ্তাৰ কৰিবলৈও সক্ষম হয়।
 
 
আৰক্ষীৰ উপস্থিতিৰ উমান পাই তীৰ মাফিয়াটো পিছফালে পলাবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে খেদি গৈ তীৰ মাফিয়াক কৰায়ত্ব কৰে। উল্লেখ্য যে এই গৰাকী তীৰ মাফিয়াই জামুগুৰিহাটৰ অলিয়ে গলিয়ে তীৰৰ এজেন্ট নিয়োগ কৰি তীৰ খেলৰ ব্যাপক প্ৰচলন কৰাৰ ফলত অঞ্চলটোৰ বহু লোক তীৰৰ কবলত পৰি সৰ্বস্বান্ত হৈছে।
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।