11/03/2021 - 14:12
in
গুৱাহাটীঃ নিৰ্বাচনী বিপৰ্যয়ৰ পিছত ৰাজ্যজুৰি ৩৩ লাখ সদস্য ভৰ্তি অভিযানেৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে নিজৰ সাংগঠনিক বিস্তৃতিত গুৰুত্ব দিয়াৰ সমান্তৰালভাৱে দলীয় দায়িত্ববাহীসকলৰ ক্ষেত্ৰতো পৰিৱৰ্তনৰ ইংগিত দি সৰ্বভাৰতীয় কংগ্ৰেছ সেৱা দলৰ মুখ্য সংগঠক লালজী দেশায়ে বৰ্তমানে ইয়ং ব্ৰিগেড, অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ ৰাজ্যিক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা শ্ৰীদীপ বায়নক তৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ কাৰ্যকৰী মুখ্য সংগঠক হিচাপে নিযুক্তি প্ৰদান কৰিছে।
লক্ষ্যণীয় যে দলীয় টিকটত নিৰ্বাচিত হৈও ক্ষমতাধিষ্ঠিত হ'ব নোৱৰাৰ বাবেই কংগ্ৰেছ দল ত্যাগ কৰি শাসক দলৰ অংশ হ'বলৈ ঢাপলি মেলা দলটোৰ একাংশ বিধায়ক আৰু দলীয় কৰ্মীৰ মাজত প্ৰকট হৈ উঠা নীতি-আদৰ্শৰ সংকটৰ এনে অশুভ ৰাজনৈতিক বাতাবৰণৰ ক্ষণত সেৱা দলৰ মুখ্য সংগঠক হিচাপে শ্ৰীবায়নৰ এই নিযুক্তি যথেষ্ঠ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। কিয়নো কংগ্ৰেছ দল তথা দলীয় সদস্যসকলৰ মাজত দলীয় আদৰ্শৰ বীজ ৰোপণৰ মূল ভেটি সেৱা দলৰ গুৰুত্ব দলীয় মঞ্চত লাঘৱ হোৱাৰ পৰাই দলটোৰ নেতা-কৰ্মী একাংশৰ মাজত আদৰ্শগত সংকট ঘনীভূত হোৱালৈ লক্ষ্য কৰি যোৱা ২০১৮ বৰ্ষত শ্ৰীৰাহুল গান্ধীৰ তৎপৰতাত সেৱা দলৰ যুৱ শাখাৰ ৰূপত ইয়ং ব্ৰিগেডৰ সৃষ্টিৰে যুৱ প্ৰজন্মক কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ সৈতে সংযুক্ত কৰাৰ প্ৰয়াস চলোৱা হৈছিল।
অসমতো শ্ৰীদীপ বায়নৰ নেতৃতত অতি কম সময়ৰ ভিতৰতে ইয়ং ব্ৰিগেডে সমগ্ৰ দেশৰ ভিতৰতে উল্লেখনীয় সফলতা লাভ কৰালৈ চাই এইবাৰ অসমত কংগ্ৰেছ সেৱা দলক অধিক শক্তিশালী কৰি তোলাৰ বাবে শ্ৰীবায়নক এনেদৰে সেৱাদলৰ মুখ্য সংগঠকৰ গধূৰ দায়িত্ব অৰ্পণ কৰা বুলি বিবেচিত হৈছে। ১৯৯২ চনতে ভাৰতীয় জাতীয় কংগ্রেছ দলত যোগদান কৰা শ্ৰীবায়নে এন এছ ইউ আই, যুৱ কংগ্রেছকে ধৰি দলৰ বিভিন্ন পৰ্যায়ত বিভিন্ন পদত আদৰ্শ আৰু নিষ্ঠাৰে একনিষ্ঠভাৱে দলীয় দায়িত্ব পালন কৰি সমগ্ৰ অসমতে এগৰাকী বলিষ্ঠ যুৱ নেতা হিচাপে পৰিচিতি লাভ কৰিছে।
অসমৰ আগশাৰীৰ বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উপ সভাপতি নিৰ্বাচিত হোৱাৰ পিছৰে পৰা ভাৰতীয় জাতীয় কংগ্রেছ দলৰ লগত নিবিড়ভাৱে জড়িত হৈ পৰা শ্ৰীবায়নে ২০০৪ ৰ পৰা ২০০৭ চনলৈ গুৱাহাটী মহানগৰ জিলা যুৱ কংগ্রেছ কমিটীৰ সভাপতি হিচাপেও সুচাৰুৰূপে দলৰ প্ৰতি সেৱা আগবঢ়াইছিল। শ্ৰীবায়নে অসম প্ৰদেশ কংগ্রেছ সেৱাদলৰ কাৰ্যকৰী মুখ্য সংগঠক হিচাপে দায়িত্ব গ্ৰহণৰ লগে লগে সমগ্ৰ অসমৰ কংগ্রেছ সেৱাদলৰ কৰ্মী সকল যথেষ্ট উৎসাহী হৈ পৰিছে আৰু স্বাভাবিকতে ই দলটোৰ বাবে এক ইতিবাচক ইংগিত বুলি বিবেচিত হৈছে। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতি থকা আস্থা তথা বিগত বিধান সভা নিৰ্বাচনৰ ফলাফলৰ পিছত দলীয় কৰ্মীৰ মনোবল পুনৰ শক্তিশালী ৰূপত ঘূৰাই অনাত শ্ৰীবায়নে সেৱা দলৰ জৰিয়তে শক্তিশালী আৰু ইতিবাচক ভূমিকা পালন কৰিব বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে বিশ্বাস পোষণ কৰিছে।