11/03/2021 - 15:39
in
নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামত অপপ্ৰচাৰ। ক'ভিডৰ নামত এটা ফেক টুইটৰ স্ক্ৰীণশ্বট প্ৰচাৰ কৰি ভুৱা বাতৰি বিয়পালে এক দুষ্ট চক্ৰই। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে নিজেই জনালে এই কথা। চৰকাৰে অহা ২০ নৱেম্বৰৰ পৰা শিক্ষানুষ্ঠান বন্ধ কৰাৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰা হৈছিল। এই টুইটৰ স্ক্ৰীণশ্বটটো সম্পূৰ্ণ মিছা বুলি প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে। এইধৰণৰ ভুৱা বাতৰিত বিশ্বাস নকৰিবলৈ সকলোকে আহ্বান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ। লগতে এনে ভুৱা বাতৰিৰ পৰা নিজকে সাৱধানে ৰাখিবলৈও ৰাইজক অনুৰোধ মুখ্যমন্ত্ৰীগৰাকীৰ।