মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত আয়ুৰ্বেদ পঞ্চৰত্ন চিকিৎসা প্ৰদানঃ ডক্টৰ বৰ্মনৰ নেতৃত্বত আৰম্ভ এই চিকিৎসা

 11/03/2021 - 16:33
 
 
 
মাৰ্ঘেৰিটাঃ আয়ু’ শব্দৰ অর্থ ‘জীবন’ আৰু ‘বেদ’ শব্দৰ অর্থ হৈছে ‘জ্ঞান’ বা ‘বিদ্যা’। ‘আয়ুর্বেদ’ শব্দৰ সম্পূৰ্ণ অর্থ হৈছে জীবনজ্ঞান বা জীববিদ্যা। অর্থাৎ‍ যি জ্ঞানৰ মাধ্যমে জীবৰ কল্যাণ সাধন হয় তাকে চিকিৎসা সাস্ত্ৰত আয়ুর্বেদ বা জীববিদ্যা বুলি কোৱা হয়। আয়ুর্বেদ চিকিত্‍সা বুলিলে সাধাৰণত ভেষজ বা উদ্ভিদৰ মাধ্যমত যি চিকিত্‍সা কৰা হয় তাকেই বুজুৱা হৈছে। এই চিকিত্‍সা ৫০০০ বছৰৰো অধিক পুৰণি। বৰ্তমান এই চিকিৎসাৰ বিলুপ্ত প্ৰায় হৈছে। এই চিকিৎসাই পুনৰ জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে মাৰ্ঘেৰিটাৰেই এজন ডক্টৰ নাম হৈছে সচীন্দ্ৰ বৰ্মন।
 
তেওঁৰ প্ৰচেষ্টাত মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত আৰম্ভ কৰা হৈছে পঞ্চকৰ্ম থেৰাপী চিকিৎসা। আৰ্য়ুবেদ চিকিৎসক ডক্টৰ বৰ্মনৰ আপ্ৰাণ প্ৰচেষ্টাত মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয়ত ২০১৯চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখৰ পৰা এই আয়ুৰ্বেদ পঞ্চকৰ্ম থেৰাপী চলি আছে। পেৰেলাইছিছ ৰোগীৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ নাৰ্ভৰ সমস্যা, বাতজনিত ৰোগ, বিভিন্ন ধৰণৰ বিষ-ব্যাধি থকা ৰোগী সকলক পঞ্চকৰ্ম থেৰাপী প্ৰদান কৰা হয়।
 
এই থেৰাপীৰ জৰিয়তে এতিয়ালৈকে কমেও তিনিশমান ৰোগী সম্পূৰ্ণ সুস্থ হৈ উঠিছে বুলি চিকিৎসক বৰ্মনে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চলৰ কেৱল শ্বিলঙৰ আয়ুৰ্বেদিক মহাবিদ্যালয়তহে আধুনিক পদ্ধতিৰে পঞ্চকৰ্ম থেৰাপী প্ৰদান কৰা হয়। চিকিৎসক এচ. বৰ্মন দেৱে ভবিষ্যতে ত্ৰিছখন বিছনাযুক্ত এখন আয়ুৰ্বেদিক চিকিৎসালয় বনোৱাৰ বাবে ইচ্ছা প্ৰকাশ কৰে, ইয়াৰ বাবে বৰ্তমান শাসনাধীষ্ট চৰকাৰক মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ এই বিভাগটোৰ প্ৰতি দৃষ্টি দিবলৈ চৰকাৰক অনুৰোধ জনায়। কিয়নো সম্পূৰ্ণ পঞ্চৰত্ন আয়ুৰ্বেদ চিকিৎসাৰ বাবে বহুতো সা-সৰঞ্জাম আৰু সজুঁলিৰ প্ৰয়োজন।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।