অখিল গগৈৰ প্ৰশ্ন, মুছলমানৰ ভোট কেনেকৈ পালে বিজেপিয়ে?

 11/03/2021 - 18:24
 
 
 
নিউজ ডেস্কঃ নিৰ্বাচনৰ ফলাফলৰ পিছদিনাই সংবাদ মেল পাতি সৰৱ হ’ল কৃষক নেতা অখিল গগৈ। ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে অভিযোগ কৰে যে, থাওৰা সমষ্টিত ব্যাপক হাৰত অনিয়ম সংঘটিত হৈছে। ই ভি এম টেম্পাৰিং কৰাৰ অভিযোগ তুলি অখিল গগৈয়ে সমষ্টিটোৰ এটা ভোট কেন্দ্ৰ প্ৰসংগ টানি আনি কয় যে, মুছলামনৰ ভোট এই ভোটকেন্দ্ৰটোত বিজেপিয়ে পোৱাটো সন্দেহজনক। উক্ত ভোটগ্ৰহণ কেন্দ্ৰটোত কিমান ভোটদান হৈছিল আৰু কিমান ভোট কোন দলে লাভ কৰিছে সেই তথ্য দাঙি ধৰি অখিলে কয়, মুছলমানৰ ভোট নালাগে বুলি কোৱা বিজেপিয়ে এই ভোটগ্ৰহণ কেন্দ্ৰটোত ইমান ভোট পোৱাটো তাৎপৰ্যপূৰ্ণ।
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।