হাটশিঙিমাৰীৰ পৰা মানকাচৰলৈ যোৱা পথত ভয়ংকৰ পথ দুৰ্ঘটনাঃ গুৰুতৰভাৱে আহত ২

 11/05/2021 - 12:29
 
 
মানকাচৰঃ কালী পূজাৰ দিনাই দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত হাটশিঙিমাৰীৰ পৰা মানকাচৰলৈ যোৱা পথত ভেদামাৰীস্থলিত এখন মটৰচাইকেল আৰু টেম্পু মুখামুখি খুন্দা লাগি দুৰ্ঘটনা সংঘটিত হয়৷ দুৰ্ঘটনাত ফিৰজ আলী বয়স ১৮ বছৰ নামৰ বাইক আৰোহীজনে গুৰুতৰভাৱে আহত হয় আৰু মামুন ইছলাম বয়স ২২বছৰ গুৰুতৰভাৱে আহত হয়৷ বয়স ২২ বছৰ৷ বৰ্তমান মামুন ইছলামৰ অৱস্থা সংকটজনক৷ দুইজনকে গজাৰিকান্দী চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে৷ যদিও তুৰা নাপাওঁতে মৃত্যুক আকোৱালি লয়। জানিব পৰা মতে মামুন হোছেন গুৱাহাটী শঙ্কৰ দেৱ নেত্ৰালায়ত পঢ়ি আছিল।
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।