11/05/2021 - 13:46
in
গোৱালপাৰাঃ গোৱালপাৰা জিলাৰ লক্ষীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত পূৱ কাটাৰিহাৰা প্ৰাথমিক বিদ্যালয়ৰ চৌহদত ছাত্র-ছাত্রীৰ উত্তাল প্ৰতিবাদ। প্ৰধান শিক্ষকক বদলি কৰণৰ দাবীত উত্তাল কৰিলে বিদ্যালয় চৌহদ।
অভিযোগ অনুসৰি, চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰা ইউনিফ্ৰম আৰু, মধ্যাহ্ন ভোজনৰ চাউল বিতৰণত ব্যাপক অনিয়মৰ গুৰুতৰ অভিযোগ প্ৰধান শিক্ষক নুৰ মহম্মদ আলীৰ বিৰুদ্ধে। উল্লেখ্য যে, বিগত এবছৰ ধৰি স্কুলখনত চলি থকা ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ এনেদৰে ওলাই আহিছে ছাত্র-ছাত্রীৰ লগতে অভিভাৱকসকলে।