মানকাচৰত আব্দুল হক নামৰ এজন ভুৱা লাট মণ্ডলক আটক আৰক্ষীৰ

 11/05/2021 - 14:02
 
 
মানকাচৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত কুকুৰমাৰা গাঁৱত যোৱাৰাতি মানকাচৰ আৰক্ষীয়ে অভিযান চলাই আব্দুল হক নামৰ এজন ভুৱা লাট মণ্ডলক আটক কৰিবলৈ সক্ষম হয়৷
 
অভিযোগ মতে, দীৰ্ঘদিনৰ পৰা আব্দুল হক নামৰ ব্যক্তিজনে নিজকে লাট মণ্ডল হিচাপে পৰিচয় দি বিভিন্নজনৰ পৰা মোটা অংকৰ ধন সংগ্ৰহ কৰি জালিয়াতিৰে মাটিৰ নথি-পত্ৰ কাম কৰিছিল যাৰ বাবে স্থানীয় ৰাইজে জিলা উপায়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰিছিল৷
 
উক্ত অভিযোগৰ ভিত্তিত উপায়ুক্ত গৰাকীয়ে আৰক্ষীক আব্দুল হকৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ নিৰ্দেশ দিয়ে৷ চতুৰ ভুৱা লাট মণ্ডল আব্দুল হকে ঘটনাৰ উমান পাই দীৰ্ঘদিনৰ পৰা নিজকে আত্মগোপন কৰি ৰাখিছিল যদিও যোৱানিশা মানকাচৰ থানাৰ উপ পৰিদৰ্শক দিপালী বৰুৱাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে চলোৱা অভিযানত আৰক্ষীৰ জালত পৰে ভুৱা লাট মণ্ডল আব্দুল হক৷
 
মানকাচৰ থানাত ৯৩৮/২০২১ নম্বৰৰ গোছৰ ৰুজু কৰি ধৃত আব্দুল হকক আজি হাটশিঙিমাৰীত মহকুমা আদালতত হাজিৰ কৰি আদালতৰ পৰা পুনৰ মানকাচৰ আৰক্ষীয়ে ৪ দিনৰ জিম্মাত লয়৷ মানকাচৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীও আব্দুল হকৰ লগত জৰিত থকাৰ সন্দেহ আৰক্ষীৰ আৰু অধিক তথ্যৰ বাবে মানকাচৰ আৰক্ষীয়ে বৰ্তমান মাৰাথন জেৰা অব্যাহত ৰাখিছে৷
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।