গহপুৰ ডাঠকলাত গোৰ্খা সম্প্ৰদায়ৰ কৃষি ভিত্তিক উৎসৱ তিহাৰ উদযাপন

 11/05/2021 - 14:38
 
 
 
গহপুৰঃ গোৰ্খা সম্প্ৰদায়ৰ কৃষি ভিত্তিক উৎসৱ তীহাৰ। পাঁচ দিনীয়াকৈ উদযাপিত হয় এই তিহাৰ উৎসৱ। গহপুৰ ডাঠকলাতো গোৰ্খা সম্প্ৰদায়ৰ লোক সকলৰ মাজত উদযাপিত হৈছে তিহাৰ উৎসৱ। তীহাৰ উৎসৱ উপলক্ষে পৰম্পৰা অনুসৰি গহপুৰ ডাঠকলাত ঘৰে ঘৰে চলিছে দেউচি-ভইলি গোৱাৰ পৰ্ব।
 
 
ডাঠকলাৰ যুৱক-যুৱতীসকলে পৰম্পৰা ৰক্ষা কৰি ডেউচি-ভইলি পৰিৱেশন কৰি সেৱা লৈছে জ্যেষ্ঠ জনৰ পৰা। গোৰ্খা সম্প্ৰদায়ৰ পৰম্পৰাগত সাঁজপাৰ পৰিধান কৰি ডাঠকলাৰ এইসকল যুৱক-যুৱতীয়ে আনন্দ উল্লাসৰ মাজেৰে এনেদৰে কৃষিভিত্তিক উৎসৱ তিহাৰ উৎসৱ উপলক্ষে ব্যস্ত হৈ পৰিছে দেউচি-ভইলি পৰিৱেশন কৰাত।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।