শুকুৰবাৰে কেদাৰনাথত আদিগুৰু শংকৰাচাৰ্যৰ প্ৰতিমূৰ্তি উন্মোচন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

 11/05/2021 - 15:09
 
 
নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে কেদাৰনাথ ধামত উন্মোচন কৰিলে আদি গুৰু শংকৰাচাৰ্যৰ এক প্ৰতিমূৰ্তি। ১২ ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তিৰ ওজন প্ৰায় ৩৫ টন। ইয়াৰোপৰি তেওঁ ২০১৩ চনৰ প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা আদি গুৰুজনৰ সমাধিস্থলো মুকলি কৰিব। নতুনকৈ নিৰ্মাণ কৰা হৈছে আদি গুৰু শংকৰাচাৰ্যৰ সমাধিস্থল। কেদাৰনাথ ভ্ৰমণ কৰা মোদীয়ে কেদাৰ নাথ ধাম দৰ্শন কৰাৰ লগতে ৪০০ কোটিৰো অধিক টকাৰ প্ৰকল্পৰ কামৰ শুভ উদ্বোধন কৰিব। তেওঁ কেদাৰ নাথত পূজা-অৰ্চনা কৰৰা উপৰিও কদাৰপুৰী পুনৰনিৰ্মাণ প্ৰকল্পৰো উদ্বোধন কৰিব। 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।