অযোধ্যাত সত্ৰীয়া সংস্কৃতিৰ সুৱাস বিলালে উত্তৰ কমলাবাৰী সত্ৰৰ শিল্পী দলেঃ সাক্ষী হ’ল ঐতিহাসিক ক্ষণৰ, শংকৰদেৱৰ ৰাম বিজয় নাটকে মুহিলে অযোধ্যাবাসীক

 11/05/2021 - 15:32
                                             
 
 
 
মাজুলীঃ শ্ৰীৰামৰ পবিত্ৰ জন্মভূমি অযোধ্যাত বিশাল কাৰ্যসূচীৰে ১ নৱেম্বৰ পৰা ৫ নৱেম্বৰলৈ ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত কৰা দীপাৱলী উৎসৱত মাজুলী সাংস্কৃতিক দলে পৰিৱেশন কৰিলে সত্ৰীয়া নৃত্য ৰাম বিজয় নাট। সাংস্কৃতিক সুৱাস বিলালে ৰাম জন্মভূমিত ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰৰ ১৪ জনীয়া শিল্পী দলে অযোধ্যাবাসীক মুহিবলৈ সক্ষম হয়।
 
শংকৰদেৱৰ কালজয়ী সৃষ্টি দৰ্শন কৰি অভিভূত হয় সাধু সন্তৰ লগতে বিভিন্ন ঠাইৰ গৱেষক পণ্ডিত সকল। দুদিন দুটাকৈ স্থানত গায়ন বায়ন ৰাম বিজয় নাট পৰিৱেশন কৰে শিল্পী দলে। ক’ভিড-১৯ অতিমাৰীয়ে মানৱ সম্পদলৈ ভয়াবহ সংকট অহাৰ লগতে বিধ্বস্ত কৰিলে সাংস্কৃতিক ক্ষেত্ৰখন। না-জল না-থল অৱস্থা শিল্পীসকলৰ  য'তি পৰিছিল সাংস্কৃতিক প্ৰচাৰ প্ৰসাৰত। পৰিস্থিতি অনুকুল হোৱা নাই যদিও ক’ভিডৰ ভয়াৱহতাক প্ৰত্যাহ্বান জনাই আৰম্ভ হৈছে সাংস্কৃতিক কাৰ্যসূচী।
 
সাংস্কৃতিক আৰু পৰ্যটন বিভাগ উত্তৰ প্ৰদেশ চৰকাৰে আয়োজন কৰা দীপাৱলী উৎসৱ ৰামলীলা বিশাল বৰ্ণিল বিস্তৃত কাৰ্যসূচীত ২ দিন শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ৰাম বিজয় ভাওনাৰ খণ্ড দৃশ্য গায়ন বায়ন সত্ৰীয়া নৃত্য পৰিৱেশন কৰি প্ৰশংসিত হৈছে দলটো। সূদূৰ শ্ৰীলংকাৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য মহাৰাষ্ট্ৰ,কৰ্ণাটক, উৰিষ্যা, জন্মু, তামিলনাডু, লক্ষ্মৌ, কলকতা আদি স্থানৰ শিল্পী দলৰ লগত একেলগে সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰে যিটো মাজুলীৰ বাবে এক গৌৰৱৰ বিষয়। মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ লগতে উত্তৰ প্ৰদেশৰ মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী, সংগীত জগতৰ গৱেষক পণ্ডিত, সংগঠক, সাধক, শিল্পী, সাধু সন্ত উপস্থিত থাকি অনন্য মাত্ৰা প্ৰদান কৰে।
 
উত্তৰ কমলাবাৰী সত্ৰৰ শিল্পী দলটোত গ্ৰুম লিডাৰ হিচাপে আছে প্ৰতিদিন টাইমৰ মাজুলীৰ সাংবাদিক তথা শিল্পী তীৰ্থ ভূঞা, পৰিচালক ভৱেন বৰবায়ন, উপেন বৰগায়ন, কৃষ্ণ কুমাৰ শইকীয়া, দীপক বৰুৱা, গোবিন্দ কলিতা, নিৰঞ্জন বৰবায়ন, কৃষ্ণ শইকীয়া, ৰঞ্জন হাজৰিকা, সৰ্বানন্দ দুৱৰীয়া, পবিত্ৰ গায়ন, অজিত বায়ন, বিশ্বজিৎ বায়ন, পৰমানন্দ গায়ন। এই সাংস্কৃতিক যাত্ৰাৰ সমন্বয়ক হিচাপে আছে তেজপুৰ বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ অধ্যাপক ড০ অনুশব্দ। ডেৰ বছৰৰ মূৰত ক’ভিডৰ মাজতে দলটোৱে উত্তৰ প্ৰদেশ চৰকাৰৰ আমন্ত্ৰণ ৰক্ষা কৰি সত্ৰীয়া সাংস্কৃতিক সুৱাস বিলাই অসমলৈ সুনাম কঢ়িয়াই অনাৰ লগতে মাজুলীকো গৌৰৱান্বিত কৰিছে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।